কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ বৃহৎ যোগদান কাৰ্য্যসূচী

আজি কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ অন্তৰ্গত সোনাইঘুলি স্হিত, ছি চাং ক্লাবত , কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ সভাপতি শ্ৰী বিদ্দেশ্বৰ ৰায়’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত অৰ্থ শতাধিক জনজাতীয় যুৱক-যুৱতী , পুৰুষ-মহিলাই যোগদান কৰে । ৫ নং গুৱাহাটী লোকসভা নিৰ্বাচনী প্ৰচাৰ সমিতি’ৰ অধ্যক্ষ শ্রী গোপাল চন্দ্র শৰ্মা’ই তেখেতৰ বক্তব্য’ত বিজেপি নেতৃতাধিন চৰকাৰ খনে গোটেই অৰ্থনৈতিক ব্যৱস্থাটোকে ধংস কৰি পেলাইছে বুলি কয় । শ্রী শৰ্মা’ই কয় যে, এই চৰকাৰ খনৰ সকলো ধৰণৰ অন্যায় – অবিচাৰ, দূৰ্নীতি, মূল্য বৃদ্ধি, কৰ-কাতল, নিবনুৱা সমস্যা , মানুহৰ বাক্ স্বাধীনতা, মৌলিক অধিকাৰ, সকলো নিশেষ কৰি পেলাইছে এই চৰকাৰ খনে । গতিকে ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে এই চৰকাৰ খনৰ পৰা । সেয়েহে সবল নেতৃ, সদায় ৰাইজৰ লগত থকা বলিষ্ঠ কন্ঠ, মীৰা বৰঠাকুৰ গোস্বামী’ক হাতৰ চিনত ভোট দি জয় যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ।
সভাত জেষ্ঠ কংগ্রেছী জীবন কুলি ‘কে আদি কৰি বিভিন্ন বক্তাই বক্তব্য ৰাখে । উল্লেখ্য যে, সভাত উপস্থিত থাকে – গুৱাহাটী জিলা মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী শ্ৰী অনামিকা স্বৰ্গীয়াৰী, ৰাজ্যিক মহিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদিকা শ্রী ৰশ্মিৰেখা গগৈ । অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখ পাত্র হেপি গগৈ, কালা পাহাৰ মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী শ্রী হিৰামনি পেগু, ২৫ নং ৱাৰ্ড কংগ্রেছ কমিটীৰ সভাপতি শ্রী দয়ানন্দ পাইট , অৰুপ সাৰাংগী , কৃষ্ণ আগৰৱালা, বিশিষ্ট সমাজ সেৱী তথা জেষ্ঠ কংগ্রেছী শ্রী হৰগৌৰি বসুমতাৰী’কে প্ৰমুখ্যে কৰি বহু নেতা কৰ্মিয়ে অংশ গ্রহন কৰে বুলি কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ সভাপতি শ্রী বিদ্দেশ্বৰ ৰায়ে এক প্ৰেচ বিবৃতি যোগে জানিবলৈ দিয়ে ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment