দৰঙৰ ধূলাত IPL খেলৰ জুৱাৰীক গ্ৰেপ্তাৰ।
খেল আৰম্ভ হোৱাৰ লগে লগে জুৱাৰীও ওলাল বজাৰত। খেল আৰম্ভ হোৱাৰ লগে লগেই অঞ্চলটোত বৃদ্ধি পাইছে জুৱাৰীৰ সংখ্যা। প্ৰতি দিনে চলিছে IPL জুৱা খেল। গোপন খবৰৰ ভিত্তিত দৰঙৰ ধুলা আৰক্ষীয়ে দুজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।
নিশা ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই । অভিযানত আটক কৰে জুৱাৰী দুজনক। জুৱাৰী দুজন হৈছে ধুলা থানাৰ অন্তৰ্গত ২নং ধনশ্ৰীকাষৰ নুৰুল হক আৰু মৌছিটাৰ ৰফিকুল ইছলাম। ধূলা আৰক্ষী থানাৰ 32/24 গোচৰ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120B, 420, আৰু Game and betting Act ৰ 14 আৰু 15 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি ধৃত জুৱাৰী দুজনক আজি মঙলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে।