পুৱাই নগাঁৱৰ কচুৱাত বন্যহস্তীৰ তাণ্ডৱ ।
বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন কৰ্মী শ্বিৰাজ উদ্দীন ।
কচুৱাৰ চানখোলাত পূৱা বন্যহস্তী খেদিব গৈ গুৰুতৰভাৱে আহত হয় শ্বিৰাজ উদ্দীন ।
বন্যহস্তীৰ আক্ৰমণত ককালত গুৰুতৰ ভাৱে আঘাত পায় বন কৰ্মী গৰাকী ।
বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ বন কৰ্মী গৰাকীক ।
বন্যহস্তীৰ জাকটোৱে ৪টা বাসগৃহ ভাঙি যোৱাৰ লগতে তামোলৰ বাগান নষ্ট কৰে ৷
বৰ্তমানেও হাতীৰ জাকটোৱে অৱস্থান কৰি আছে চানখোলা গাঁৱত।