বিশ্বনাথ জিলাত অন্ধবিশ্বাস আৰু সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা

বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ’ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইত বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়, দিপৰা, বৰভিল বাগিছা, নয়া ঘগৰাৰ বাগিছাৰ লগতে বিভিন্ন বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয় ববীয়া সকল উপস্থিত থাকে। লগতে উক্ত অনুষ্ঠানত দীম্পু বৰা, যতীন মুদৈ, বাবুল হাজৰিকা আৰু উই ফ’ৰ ইউৰ হৈ কিশোৰ বৰা উপস্থিত থাকি অন্ধবিশ্বাস কেনেকৈ আঁতৰ কৰিব পাৰি তাৰ ওপৰত নিজৰ ব্যক্তব্য দাঙি ধৰে। উক্ত অনুষ্ঠানত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে লোৱা সজাগতাক সকলো ৰাইজে শলাগ লয়।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment