বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ’ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে আত্মসহায় গোটৰ মাজত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত আত্মসহায় গোটসমূহৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাসমূহত সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া সকলৰ লগতে বহুসংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বাল্য বিবাহৰ লগতে মহিলাসকলৰ স্বাস্থ্য জনিত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতি যিকোনো বাতৰিত ভুল নগৈ সজাগতাৰে নিজৰ স্থিতি গ্ৰহণৰ ওপৰত আলোকপাত কৰা হয়। অনুষ্ঠানটিক উপস্থিত ৰাইজে শলাগ লয়।