বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ’ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত চাবুৱা, পানীতোলা, ৰমাই চাহ বাগিছাৰ লগতে বিভিন্ন বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে ব্লক ডেভেলপমেন্ট অফিচাৰ আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে সুমিত সোনাৰ, বৰ্ণালী ফুকনৰ উপৰিও উই ফ’ৰ ইউৰ সহকাৰী সম্পাদক ত্ৰিনয়ন গগৈ। অনুষ্ঠানত উপস্থিত সমল ব্যক্তিসকলে অন্ধবিশ্বাস কেনেকৈ আঁতৰ কৰিব পাৰি তাৰ ওপৰত নিজৰ ব্যক্তব্য দাঙি ধৰে। উক্ত অনুষ্ঠানত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে লোৱা সজাগতাক সকলো ৰাইজে শলাগ লয়।