Daily Time Axom

আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণিৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অংশগ্ৰহণ

0 49

তামুলপুৰ জিলাৰ অন্তৰ্গত কাউলীস্থিত “আদৰ্শ জাতীয় বিদ্যালয়, কাউলীত” অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ দেওঁবাৰে সন্ধিয়া সফল সামৰণি পৰে। এক উখল মাখল পৰিৱেশৰ মাজত বিদ্যালয়খনত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত “স্মৃতি ছায়া” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে– অসমীয়া মাতৃভাষা সজীৱ আৰু জাতিটোৰ স্বকীয়তা বজাই ৰখাৰ ক্ষেত্ৰত জাতীয় বিদ্যালয় অসমে এক দীঘলীয়া নিৰব সংগ্ৰাম চলাই গৈছে। তামুলপুৰ জিলাৰ কাউলীস্থিত জাতীয় বিদ্যালয়ত খনত উক্ত অঞ্চলটোৰ সকলো ভাষা ভাষী লোকে একাত্ম ভাৱে অসমীয়া জাতিৰ অভিন্ন অংগ হিচাপে তথা অসমীয়াৰ পৰম্পৰাগত সকলো ৰীতি নীতি পালন কৰি জাতিটোক সবল কৰি এক গঠনমূলক জাতীয়তাবাদৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.