কচুৱাৰ উজানমাৰীত নাভূত নাশ্ৰুত ঘটনা

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰী গাঁওত এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে। ঘটনাটো প্রায় তিনি বছৰ আগৰ। এগৰাকী যুৱতীয়ে নিজ গৃহৰ পৰা পলাই যোৱাত যুৱতী গৰাকীৰ পিতৃ জালাল উদ্দিনে একে গাঁৱৰ জাকিৰ হুছেইন নামৰ লোকজনক যুৱতী পলোৱাৰ দিয়াৰ সন্দেহত মানসিক নিৰ্যাতন প্রদান কৰি আহিছে।
আনকি জাকিৰ হুছেইন নামৰ লোকজনৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি ঘৰৰ আচবাব ভাঙি পেলোৱাৰ লগত নগদ লক্ষাধিক টকা লুটি নিয়াৰ অভিযোগ উত্থাপিত কৰে। পিছে ইয়াতে ক্ষান্ত নাথাকি উদণ্ড জালাল উদ্দিনে জাকিৰ হুছেইনৰ বিৰোধে মিছা গোচৰ তৰি হাৰাশাস্তিৰো অভিযোগ উত্থাপিত কৰে।
কিছুদিন পূৰ্বে পলাই যোৱা যুৱতী নিজ ঘৰলৈ উভতি অহাত স্থানীয় লোকে বিষয়টো বুজ ল’বলৈ চেষ্টা কৰিছিল যদিও ওলোটাই স্থানীয় লোকৰ হাৰাশাস্তি কৰা বুলি ৰাইজে জানিব দিয়ে।সেয়ে আজি জালাল উদ্দিনৰ বিৰোধে বহু সংখ্যক স্থানীয় ৰাইজ ওলাই আহে আৰু ভুক্তভোগী জাকিৰ হুছেইনক ন্যায় প্রদান কৰিবলৈ দাবী জনাই। এই ঘটনা সম্পৰ্কত স্থানীয় ৰাইজে কচুৱা আৰক্ষী থানাত জালাল উদ্দিনৰ বিৰোধে গোচৰ তৰাৰো সিদ্ধান্ত লৈছে বুলি জানিব দিয়ে। প্রায় তিনি বছৰে ভুক্তভোগী জাকিৰ হুছেইনে জালাল উদ্দিনৰ বলি হৈ সৰ্ব্বহাৰা হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে।

Daily time axomDeathGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment