টীয়কৰ নামচেচু ৰাধাকৃষ্ণ মন্দিৰত আজি সন্ধিয়া যোৰহাট লোকসভাৰ কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈ উপস্থিত হৈ নেদেখাজনৰ চৰণৰ সেৱা লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।লগতে কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাইজৰ সকলো সমস্যা সমাধানৰ পথ মুকলি হব বুলি আশ্বাস প্ৰদান কৰে।ইপিনে আজিৰ দিনটোত ৰাইজৰ মৰমৰ মাজত থাকি তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰাতকৈ চেলফ্ৰী দিন হিচাপে উদযাপন কৰিছে বুলি মন্তব্য কৰিছে।ইপিনে সংবাদ মাধ্যমৰ প্ৰায়ে শিৰোনাম দখল কৰা বৃহত্তৰ নামচেচু অঞ্চলৰ ৰাইজৰ খোৱাপানী অভাৱ তথা দিনে নিশাই শ শ ৰাইজে এটি নাদৰ পানী কঢ়িয়াই নিব লগা পৰিস্থিতি প্ৰাক্তন সাংসদ গৰাকীয়ে নিজে প্ৰত্যক্ষ কৰি অনতি পলমে এইসমূহ ৰাইজৰ মৌলিক সমস্যা সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।ইপিনে নৱপ্ৰজন্মৰ ভোটাৰৰ প্ৰতি অধিক আশাবাদী সাংসদ গৌৰৱ গগৈয়ে সংবাদমাধ্যমৰ আগত কয় যে পৰিবৰ্তন নহয় ৰূপান্তৰৰ স্বাৰ্থত নৱপ্ৰজন্মই তথা ৰাইজে তেওঁক ভোট প্ৰদান কৰিব।উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই,অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লবী গগৈ,যুৱনেতা লোহিত কোঁৱৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে আৰু ৰাইজে এইদৰে সাংসদগৰাকীক কাষত পাই অধিক আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে।