Daily Time Axom

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত ন-লখিমীৰ উদ্যোগত সাংবাদিক আৰু লিখকৰ সতীৰ্থ সন্মিলন

0 59

১৯৭২ চনৰ ২ অক্টোবৰত লখিমপুৰ জিলাৰ পৰা প্ৰকাশিত হৈছিল ন-লখিমী সাপ্তাহিক কাকত,এই কাকতখনে ৫০ টা বৰ্ষ সম্পন্ন কৰিলে,ন-লখিমী প্ৰকাশন গোষ্ঠীৰ উদ্যোগত আজি গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এখনি সাংবাদিক- লিখকৰ সতীৰ্থ সন্মিলন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়৷অনুষ্ঠানৰ লগত সংগতি ৰাখি ন-লখিমী কাকতৰ স্বত্বাধিকাৰী প্ৰয়াত ছফিকুল লটিফ বৰুৱাৰ সোঁৱৰণত বঁটা প্ৰদান কাৰ্যসূচী এটি আয়োজন কৰিছিল৷দিনৰ ১১ বজাত অসমৰ এগৰাকী বিশিষ্ট লেখক ড° নন্দ সিং বৰকলা,প্ৰবীন সাংবাদিক প্ৰদীপ বৰুৱা,জ্যেষ্ঠ সাংবাদিক দ্বীপেন ডেকা,বিশিষ্ট কবি ড° ৰিমঝিম বৰা,সাংস্কৃতিক কৰ্মী মাধুৰীমা শৰ্মা ভূঞা,বিশিষ্ট যুৱ সমাজকৰ্মী পদুম বৰ্মন আৰু বিশিষ্ট সমাজকৰ্মী কল্প হাজৰিকাক বঁটা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.