পকী বা CC ব্লোগৰে ৰাস্তা নিৰ্মাণৰ দাবী ৰাইজৰ
সমাগত নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাগ মূহুৰ্তত চাপৰত এখন গাঁৱৰ ৰাইজৰ NO ROAD NO VOTE শ্লোগানেৰে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধুবুৰী জিলাৰ চাপৰ-শালকোচা উন্নয়নৰ খণ্ডৰ অন্তৰ্গত তথা বাৰুণীতাৰা-বতৰদল গাঁও পঞ্চায়ত অধীনস্থ বতৰদল গাঁওৰ ৰাইজক এটা ৰাস্তাই জলা কলা খুৱাই আছে। বাৰিষাকালত উক্ত ৰাস্তাটোৰে যাতায়তৰ ক্ষেত্ৰত ৰাইজে বহু অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যিকোনো জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ। বাৰম্বাৰ জনপ্ৰতিনিধি তথা স্থানীয় পঞ্চায়তখনৰ সভাপতি, সদস্যক এই বিষয়ে অৱগত কৰাৰ পিছত আজিলৈকে কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ ।৩০ শতাংশ অনুসূচিত জাতিৰ লোকে বাস কৰা গাওঁখনত উন্নয়নৰ মুখ নেদেখা ৰাইজে ওলাই আহি চৰকাৰে ৰাস্তাটো নিৰ্মাণ কৰি নিদিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।