অভিযুক্তক জেললৈ প্ৰেৰণ।
কিছুদিন পূৰ্বে হাহচৰা গাৱৰ জিকিৰুল ইছলম নামৰ লম্পট যুৱক এজনে একেখন গাঁৱৰে এগৰাকী ১৬ বছৰীয়া যুৱৰীক প্ৰেমৰ প্ৰলোভনেৰে শাৰীৰিক নিৰ্যাতন কৰাত অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
নিজৰে সম্পৰ্কীয় যুৱক যিকিৰুল ইছলামে বিয়াৰ প্ৰলোভন দি নাবালিকা কিশোৰীৰ লগত চলাইছি যৌন সম্পৰ্ক ।
প্ৰথমে প্ৰেম, পিছত শাৰীৰিক সম্পৰ্ক আৰু পিছলৈ ব্লেক মেইলিংত লিপ্ত হোৱাত লম্পট জিকিৰুল ইছলামক ভেলৌগুৰি আৰক্ষীয়ে পিছলৈ কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।
যদিও বিগত দুদিন ধৰি লম্পট যুৱক জনৰ পৰিয়ালৰএকাংশ লোকে যুৱতী গৰাকীৰ লগতে যুৱতী গৰাকীৰ পৰিয়ালক বিভিন্ন দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
ইতিমধ্যে জেললৈ যোৱা লম্পট যুৱক জিকিৰুলৰ পৰিয়ালে ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালক এনেদৰে ভয় ভাবুকি দেখুওয়াত পুনৰ যুৱতীগৰাকী কাষ চাপে ভেলৌগুৰি আৰক্ষীৰ। আনহাতে লম্পট যুৱক জনক প্ৰশাসনে কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকে।