Daily Time Axom

আড়ম্বৰপূৰ্ণ ভাৱে উদযাপিত হ’ল কামৰূপ জিলা দিৱস

0 51

কামৰূপ জিলাৰ বিভক্ত হৈ অতিক্ৰম কৰিলে ২৪টা বসন্ত । এসময়ৰ বৃহৎ জিলা কামৰূপ দুভাগত ভাগ হৈ কামৰূপ আৰু কামৰূপ মহানগৰ ৰূপ পালে । ২৪ বছৰ পুৰ্বে আজিৰ দিনটোতে কামৰূপ জিলা গঠণ কৰি প্ৰশসনিক ব্যৱস্থা জনতাৰ অধিক ওচৰ চপোৱা হৈছিল। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসনে আমিন গাঁৱত উদযাপন কৰিছে “কামৰূপ জিলা দিৱস” । প্ৰশাসনে এক চাইকেল ৰেলীৰে জিলা দিবসৰ শুভাৰম্ভণি কৰে। ৰেলীত জিলা আয়ুক্ত কীৰ্তী জল্লীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী তথা কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । জিলা দিৱসৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচী আয়োজন কৰা হয় । মুকলি সভাত কামৰূপ জিলা নিৰ্বাচনী বিভাগে জিলাৰ দুজন চেলিব্ৰেটী শিল্পী ক্ৰমে কুমাৰ ভবেশ আৰু ৰাকুদাক অভিন্দন জনোৱা হয় । জিলা নিৰ্বাচনী কাৰ্যালয়ে ভোটাৰক আকৃষ্ট কৰি বলৈ পুৰুষ মহিলা দুটি শুভাংকৰ মুকলি কৰে । লুইত আৰু কামৰূপা মুকলি কৰি নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায় । ভোটাধিকাৰ আমাৰ অধিকাৰ শীৰ্ষক এক থীম চঙ মুকলি কৰি এশ শতাংশ ভোটদানৰ বাবে আহ্বান দুই চেলিব্ৰেটী শিল্পীৰ । ৰাকুদাই জনপ্ৰিয় গীতেৰে ভৌটাৰ আকৃষ্ট কৰাৰ বাবে মঞ্চতে চলালে অনুশীলন । জনপ্ৰিয় শিল্পী কুমাৰ ভবেশেও গীতৰ মাজেৰে ভৌটাধিকাৰ সাব্যস্ত কৰাৰ বাবে জনালে আহ্বান ।

Leave A Reply

Your email address will not be published.