ঋতুস্ৰাৱৰ কাপৰ বিষয়ে জনা-অজানা কথা

আজিকালি বহু মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনও ব্যৱহাৰ কৰে। তাৰ তুলনাত মাহেকীয়া কাপ বেছি ব্যৱহাৰ কৰা নহয় যদিও ই অতি নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰে।

চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাৰ সময়ত কাপোৰলৈ তেজ যোৱাৰ আশংকা থাকে। কিন্তু ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিলে সেই বিপদ কম। খোজ কঢ়া, শুই থকা, খেলা-ধূলা কৰা এই সকলোবোৰ ঋতুস্ৰাৱৰ কাপ পিন্ধাৰ পিছত বহুত সহজ হৈ পৰে।
চেনিটেৰী পেডতকৈ ঋতুস্ৰাৱৰ কাপ বহু বেছি পৰিৱেশ অনুকূল। ঋতুস্ৰাৱৰ কাপ পুনৰ ব্যৱহাৰযোগ্য। এটা কাপ পাঁচ বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি।
কাপ চাফা কৰাৰ সঠিক নিয়ম জানিব লাগিব। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতে প্ৰতিমাহে কাপটো বীজাণুমুক্ত কৰিব লাগে। ব্যৱহাৰৰ পিছত মিনাৰেল ৱাটাৰেৰে পৰিষ্কাৰ কৰি পুনৰ বীজাণুমুক্ত কৰি নিৰ্দিষ্ট পাউচত ৰাখিব। খোলাকৈ নাৰাখিব।

চেনিটেৰী পেডতকৈ ঋতুস্ৰাৱৰ কাপ অধিক অৰ্থনৈতিক।
ঋতুস্ৰাৱৰ কাপত যোনিৰ সংক্ৰমণৰ সম্ভাৱনা কম। এই ক্ষেত্ৰত কোনো ধৰণৰ বিৰক্তি অনুভৱ কৰা নহয়।
চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিলে যোনিৰ চাৰিওফালে ফোহা ওলাব পাৰে। একেটা পেড দীৰ্ঘদিন ব্যৱহাৰ কৰিলে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে পেডতকৈ ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো স্বাস্থ্যকৰ।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment