Daily Time Axom

কচুৱাত আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন

0 46

সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন চমুকৈ আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসটি আজি কচুৱা ইদগাহ মৈদানত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নগাঁও জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উদ্যোগত আৰু হোজাই জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে। শিক্ষাক অশ্ৰ হিছাপে লৈ সংখ্যালঘু ৰাইজ আগবাঢ়ি যাব লাগিব বুলি সভাত ডিমাছা জনগোষ্ঠীৰ নেতা নবীন চৌধুৰী য়ে মন্তব্য আগবঢ়াই। আমছু হ’ল আমাৰ জাতীয় সত্তা, আমাৰ শক্তি বুলি আশিক ৰাব্বানী,মুছলিম ছাত্ৰ সন্থাৰ সভাপতিয়ে মন্তব্য কৰে। সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুছলমান ৰাইজক লোকসভা নিৰ্বাচনত বিবেক ভোট দিবলৈ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে আহ্বান জনায়।অসমৰ সকলো জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে একতাৰে বসবাস কৰি আগুৱাই যাব লাগিব কিন্তু বিগত পাঁচ বছৰত নগাঁৱৰ সাংসদ হোৱা প্ৰদ্যুৎ বৰদলৈয়ে সংখ্যালঘু ৰাইজৰ হকে সংসদত এটাও মাত দিয়া দেখা নাপালো বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰি সমালোচনা কৰিছে আমছুৰ ৰাজ্যিক সাধাৰণ সম্পাদক নজৰুল ইছলামে। অনাগত দিনত যি দলৰে নহওক কিয় সংখ্যালঘু ৰাইজৰ হকে সংসদত মাত মাতিব পৰা সাংসদ আমছুৱে বিছাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। সভাত নগাঁও আৰু হোজাই জিলাৰ আমছুৰ অৰ্ধশতাধিক নেতা কৰ্মীৰ লগতে কচুৱাৰ বিশিষ্ট ব্যক্তি সকলৰ উপৰিও আলিম উলেমা আৰু ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.