মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ভূপেন বৰাৰ। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ২০২৪, ২০২৯ আৰু ২০৩৪ লৈকে জিকিব বুলি ঘোষণা সভাপতি গৰাকীৰ।
মুখ্যমন্ত্ৰীয়ে ২০৩২ লৈ কংগ্ৰেছ শেষ হৈ যোৱাৰ পিছত ৰাজীৱ ভৱন দখল কৰা সন্দৰ্ভ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ গাত পানী নাই তেজ আছে গতিকে আহিলেই হ’ল বুলি কটাক্ষ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নদী গৱেষণাৰ মাটি দখল, বাগান দখল, চিনেমাহল দখল, হোটেল দখল হে কৰি আহিছে।
AIUDFৰ প্ৰাৰ্থী কত দিব নিদিব সেই সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত হয়। সেয়ে মুখ্যমন্ত্ৰীয়ে আজমলক আটুৱা তলৰ ম’হ বুলি কৈ থাকে। মুখ্যমন্ত্ৰীয়ে আটুৱা তলৰ পৰা ওলাই দিয়াত হে নগাওঁ কৰিমগঞ্জ আৰু ধুবুৰীত AIUDFৰ প্ৰাৰ্থী দিছে।
কংগ্ৰেছৰ লগত জনসাধাৰণ আছে। কোনো ছিণ্ডিকেটৰ টকা নাই, প্ৰশাসন নাই, ED নাই গতিকে কংগ্ৰেছে চৰকাৰ কৰিব বুলি দাবী ভূপেন বৰাৰ।