লেহেমীয়া অভাৰ ৰেটৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক জৰিমনা

দিল্লী কেপিটেলছৰ প্ৰথম জয়ৰ দিনা ঋষভ পন্তৰ ডাঙৰ শাস্তি। দিল্লীৰ অধিনায়কগৰাকীক ১২ লাখ টকা জৰিমনা বিহা হয়। দেওবাৰে বিশাখাপট্টনমত পণ্টক লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি প্ৰদান কৰা হয়। আই পি এলৰ আচৰণ বিধি অনুসৰি তেওঁক জৰিমনা বিহা হৈছিল। এইবাৰৰ আই পি এলত দিল্লীৰ প্ৰথম ভুলৰ বাবে মাথোঁ জৰিমনা বিহা হৈছিল। আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, “বিশাখাপট্টনমত চেন্নাইৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়কক জৰিমনা। ছিজনৰ প্ৰথমটো অপৰাধৰ বাবে আই পি এলৰ আচৰণ বিধি অনুসৰি ১২ লাখ টকাৰ জৰিমনা বিহে পণ্টে।” প্ৰসংগক্ৰমে দেওবাৰে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি দিল্লীয়ে প্ৰথমটো জয় লাভ কৰে। অধিনায়ক ঋষভ পন্তে ৩২টা বলত ৫১ ৰান সংগ্ৰহ কৰে। গাড়ী দুৰ্ঘটনাৰ পাছত আই পি এলৰ প্ৰথমখন খেলৰ পৰাই আগবাঢ়ি আছে ঋষভ। তেওঁ একে হাৰত উইকেটকিপিংও কৰি আছে। কিন্তু বেটিঙৰ সময়ত তেওঁক ইমান আৰামদায়ক যেন লগা নাই।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment