মন্ত্ৰী পীযুষ হাজৰিকাই নাজিৰাৰ দৈখনা সোণালী সমাজ ৰংগমঞ্চত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় |ইয়াৰ পিছতেই আচলাবাৰী আৰু বামুণপুখুৰী তিনি আলিৰ লগতে মুঠ ছয়খনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে | মন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ময়ুৰ বৰগোঁহাই,উপ সভাপতি পংকজ গগৈৰ লগতে বিজেপিৰ কেইবাজনো কৰ্মীয়ে |