ড্ৰাগছৰ কবলত পৰি বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

জুৰীয়াৰ পূৱ কলাডুবাৰ যুৱক বহিঃৰাজ্য কেৰেলাত ড্ৰাগছ আসক্ত হৈ মৃত্যু হোৱাত পৰিয়ালৰ মাজত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।
মৃত্যু হোৱা যুৱকজনৰ নাম আজম বাহাৰ বয়স ৩০ বছৰ।

আজিৰ পৰা প্ৰায় পাঁচ মাহ পূৰ্বে জুৰীয়াৰ পূৱ কলাডুবাৰ আজম বাহাৰ নামৰ যুৱক জনে পত্নী সন্তান সহ বহিঃৰাজ্য কেৰেলাত কৰ্মৰ সন্ধানত গৈছিল।
কেৰেলাত কৰ্মৰত অৱস্থাত আজম বাহাৰে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল আৰু বহিঃৰাজ্যত উপাৰ্জন কৰা সম্পুৰ্ন টকা ড্ৰাগছ সেৱন কৰি খৰচ কৰিছিল ।
যোৱা তিনি চাৰিদিন ধৰি আজম বাহাৰে ড্ৰাগছৰ প্ৰতি বেছি আসক্ত হোৱাত যোৱা শনিবাৰে যুৱক জনে প্ৰচুৰ পৰিমানৰ ড্ৰাগছ সেৱন কৰি কেৰেলাৰ এখন ৰাস্তাৰ কাষত পৰি থকাৰ খবৰ পাই পত্নীয়ে।
লগে লগে পত্নী গৈ ৰাস্তাৰ কাষত পৰি থকা স্বামীক উদ্ধাৰ কৰি কেৰেলাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি পত্নীয়ে উল্লেখ কৰে।

ইফালে যুৱকজনৰ পৰিয়ালে যুৱক জনৰ মৃত্যুক সহজ বাবে ল’ব পৰা নাই।

এয়া এক পৰিকল্পিত হত্যা বুলি অভিযোগ তুলে পত্নীৰ ওপৰত ।
এয়া কি ড্ৰাগছ সেৱন কৰি মৃত্যু হৈছিল নে পৰিকল্পিত হত্যা আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব ঘটনাৰ আচল ৰহস্য।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment