১০ নং কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা। শাসকীয় দল বিজেপিৰ মিত্ৰজোঁটৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মন্ত্ৰী গৰাকীয়ে বিয়লি নিৰ্বাচনী সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছতেই পুষ্প বৃষ্টিৰে সহস্ৰাধিক ৰাইজে উষ্ম আদৰণি জনায়। মন্ত্ৰী গৰাকীক বিশেষ বাহনেৰে শোভাযাত্ৰা কৰি বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী জনসভাত অংশ লয় । সভাত প্ৰায় দহ সহস্ৰাধিক জনতাক সংবোধন কৰে মূখ্যমন্ত্ৰী। সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,ৰাজ্য সভাৰ সাংসদ বীৰেণ বৈশ্যৰ লগতে জিলা পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে ।