Daily Time Axom

পঞ্চাশতো গ্লেমাৰাছ মালাইকা অৰোৰা, বিশ্বাস হয়নে

0 26

বলীউডৰ “চাইয়া চাইয়া” গাৰ্ল ! তেওঁৰ ৫০ বছৰ বয়সতো ৰূপে সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত তেওঁৰ বডি বিল্ডিং ভিডিঅ’ পোষ্ট কৰি অনুৰাগীৰ বুকুত খুন্দা মাৰিছে। মেচিং জিমৰ কাপোৰ পিন্ধি কিছুমান শক্তিশালী আসনৰ অভ্যাস কৰি আছে।

কি কি আসন কৰে-

পৰিৱৰ্ত অৰ্ধ উত্তৎসন (Revolve Chair Pose Variation): এই আসনে পেট আৰু পিঠিৰ পেশী শক্তিশালী কৰে। শক্তি আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰে।

ভূজংগ আসন (Cobra Pose): এই আসনে মেৰুদণ্ড শক্তিশালী কৰাত সহায় কৰে, আৰু সামগ্ৰিকভাৱে নমনীয়তা বৃদ্ধি কৰে।

উপবিস্থ কনাসন (Sitting Straddle Pose): এই আসনে নিতম্বৰ গাঁঠিবোৰ শক্তিশালী কৰে। সামগ্ৰিক শক্তি বৃদ্ধি কৰে।

নৌকাসন (Boat Pose): এই আসনে হজম শক্তি উন্নত কৰে। বডি টোনিং কৰা হয়। ই বৃক্কৰ কাৰ্য্যক্ষমতা উন্নত কৰে আৰু বিষমুক্ত কৰাত সহায় কৰে।

চমৎকৰ্ষণ : এই আসনৰ নিয়মীয়া অভ্যাসে মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি কৰে আৰু কঁকালৰ বিষৰ পৰা উপশম পায়। ই শ্বাস-প্ৰশ্বাসৰ কাৰ্য্য বৃদ্ধি কৰে আৰু সামগ্ৰিক মেজাজ উন্নত কৰে।

এক পদ বশিষ্ঠাসনঃ ভৰিৰ পেশী শক্তিশালী কৰা, মেৰুদণ্ডৰ গতিশীলতা বৃদ্ধি কৰা আৰু পেটৰ পেশীবোৰ টোন কৰা এই আসন উপযোগী।

চক্ৰাসন: কঁকালৰ বিষৰ পৰা উপশম দিয়ে। শক্তি বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.