শিৱসাগৰ জিলাৰ হাতীঘূলিত আজি ৰাইজৰ দলৰ এটি নিৰ্বাচনী কাযালয় মুকলি কৰা হয়।
কাৰ্যালয়টো ফিটা কাটি মুকলি কৰে প্ৰফুল্ল গগৈয়ে ।
নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা অনুষ্ঠানটোত ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সাধাৰন সম্পাদক মুজিদ আলি , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ উপ সভাপতি ৰবিন হাজৰিকা আৰু কংগ্ৰেছৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে।
উপস্থিত সকলোৱে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়াৰ লগতে বিৰোধী ঐক্যমঞ্চই গৌৰৱ গগৈক নিৰ্বাচনত জয়ী কৰাবৰ বাবে ঐক্যবদ্ধ হৈছে বুলি প্ৰকাশ কৰে।
উক্ত সভাত অসম গণ পৰিষদৰ পৰা কেইবাজনো যুৱকে ৰাইজৰ দলত যোগদান কৰে।