গৌৰৱ গগৈয়ে আধা জ্ঞানলৈ ৰাজনীতি কৰিছেঃ ৰূপজ্যোতি

মৰিয়নিৰ বিভিন্ন অঞ্চলত দিনে-নিশাই গা নুধুৱাকৈ প্ৰচাৰ চলাইছে

নিৰ্বাচনৰ,দিন ঘোষণাৰ পাছতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিটো দিনেই মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মৰিয়নিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।দিনৰ ভাগত নেতা মন্ত্ৰীৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সমান্তৰালকৈ নিশালৈও এককভাৱে সমষ্টিৰ ভোটাসকলৰ কাষ চাপি উন্নয়ন অব্যাহত ৰাখিবলৈ বিজেপিৰ পক্ষত ভোটাধিকাৰ সাৱস্ত কৰিবলৈ আহ্বান জনাইছে।এই ব্যস্ততাৰ মাজতে বিশেষকৈ চাহ অধ্যুষিত অঞ্চলৰ ভোটাৰসকলৰ অৰ্থে এইদৰে মনোভাৱ ব্যক্ত কৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল লাভ কৰিবলৈ তথা দেশৰ প্ৰধানমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাইছে।ইপিনে গৌৰৱ গগৈয়ে চৰকাৰে চাহ বাগিছাসমূহ বিক্ৰীৰ ক্ষেত্ৰত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, গৌৰৱ গগৈৰ ৰাজনৈতিক জ্ঞান আধা।সেয়ে তেওঁ চাহ বাগিছা বিক্ৰী,বাগিছাৰ শ্ৰমিকসকলৰ ভূমি পট্টা সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে। দৰাচলতে কংগ্ৰেছে বাগিচাসমূহৰ প্ৰতি কৰা অন্যায়ৰ বাবেহে এনে পৰিস্থিতি হৈছে আৰু বৰ্তমান বাগিচাসমূহৰ বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছে বুলি সদৰি কৰি গৌৰৱ গগৈক নিজৰ পক্ষত ভোট গোটাবলৈহে ব্যস্ত হবলৈ পৰামৰ্শ দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment