টাইৱানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৭, আহত ৭৩০ জনলৈ বৃদ্ধি

১৯৯৯ চনৰ পিছত ২০২৪ চনত। ২৫ বছৰৰ পাছত টাইৱানত ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল। বুধবাৰে পুৱা প্ৰবল কঁপনিৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পায়। আহত হৈছে কমেও ৭৩০ জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
বুধবাৰে পুৱা প্ৰায় ৮ বজাত টাইৱানৰ ৰাজধানী টাইপেই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। লগে লগে জাপান আৰু ফিলিপাইনছৰ উপকূলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি টাইৱানৰ কেইবাখনো চহৰত বহু ঘৰ পথৰ ওপৰত হেলান দি আছে। কেইবাটাও বহুমহলীয়া অট্টালিকা ভাঙি গৈছে। বহু ৰাস্তাত ফাট মেলা দেখা গৈছিল। ভূমিস্খলনও সংঘটিত হৈছে। ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হয়। ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে।
মন কৰিব যে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত টাইৱানত হোৱা ভূমিকম্পত ২৪০০ৰো অধিক বাসিন্দাই প্ৰাণ হেৰুৱাইছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment