নগাঁও লোক সভা সমষ্টিৰ চামগুৰি সোনাৰীবালিত নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ

চামগুৰি সমষ্টিৰ অন্তৰ্গত সোনাৰীবালি নতুন বজাৰত আজি বৃহৎ সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা ৷

প্ৰাৰ্থী সুৰেশ বৰাই ভাষণত কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিন্তা ভাৱনা যে সকলো ভাৰতীয় এক NATION ,এক জাতি এক হৈ বিশ্বত আমি শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হব পাৰো ৷ইয়াত আমাৰ কোনো হিন্দু আৰু কোনো মুছলমান নাই ৷ আমি সকলো ভাৰতীয় হৈ থাকিব লাগিব বুলি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কথা কৈ আগবাঢ়ি গৈ আছে ৷ “চবকা সাথ সবকা বিকাশেৰে“ আজি হিন্দু মুছলমান সকলোৱে আমি সমান ভাৱে সুবিধা লাভ কৰি আগবাঢ়ি যাব লাগিব বুলি ভাষণত প্ৰাৰ্থী গৰাকীয়ে কয় ৷

উক্ত নিৰ্বাচনী সভাখনত অগপ আৰু বিজেপি মিত্ৰ দলৰ কেইবাজনো নেতাই প্ৰাৰ্থী গৰাকীক সংগ দি নিৰ্বাচনী প্ৰচাৰ চলাই ৷

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment