Daily Time Axom

অৰুণাচলৰ ৩০ টা স্থানৰ নাম সলনিৰ বাবে চীনৰ পদক্ষেপক নাকচ কৰিলে ভাৰতে

0 83

শনিবাৰে চীনে এক বিবৃতি জাৰি কৰি ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৩০ টা স্থানৰ নাম সলনি কৰে। মঙলবাৰে ভাৰতে এই নাম সলনিক “অৰ্থহীন” বুলি নাকচ কৰে। হিমালয় অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ ভাৰতৰ এক ‘অবিচ্ছেদ্য অংগ’ বুলি দেশখনে প্ৰকাশ কৰিছে। আৰু চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি গণ্য কৰে, যাক জাংনান বুলি কয়।

অৰুণাচলৰ ৩০ টা স্থানৰ নাম সলনিৰ বাবে চীনে লোৱা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে মঙলবাৰে কয় যে, “আৱিষ্কৃত নাম লোৱাটোৱে এই কথাটো সলনি কৰিব নোৱাৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব।”

ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সাংবাদিকৰ আগত কয় যে, “নাম সলনি কৰাত একো দোষ নাই। যদি মই আপোনাৰ ঘৰৰ নাম সলনি কৰো, তেন্তে সেয়া মোৰ ঘৰ হৈ পৰে নেকি?”

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিছিল। ইয়াৰ পিছতে চীনে মোডীৰ এই অঞ্চল ভ্ৰমণৰ বিৰোধিতা কৰে। ভাৰতে অৱশ্যে এই বক্তব্যক “ভিত্তিহীন” বুলি অভিহিত কৰিছে।

এই বিষয়ত আমেৰিকাই নিজৰ মতামত প্ৰকাশ কৰি কয় যে তেওঁলোকে অৰুণাচল প্ৰদেশক ভাৰতৰ ভূখণ্ড বুলি গণ্য কৰে। ইয়াৰ উপৰিও আমেৰিকাই সামৰিক বা অসামৰিক “অন্তৰ্ভুক্তি বা দখল”ৰ দ্বাৰা অঞ্চলটোৰ ওপৰত অধিকাৰ দাবী কৰাৰ যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ “তীব্ৰ বিৰোধিতা” কৰে।

অৱশ্যে চীনে এই বিষয়ত আমেৰিকাৰ কোনো সম্পৰ্ক নাই বুলি কৈছে।

ভাৰত আৰু চীনৰ প্ৰায় ৩৮০০ কিলোমিটাৰ সীমা আছে, ইয়াৰে বহুখিনি ভালদৰে চিহ্নিত হোৱা নাই।

এই সীমান্তক লৈ ১৯৬২ চনত দুয়োখন দেশৰ মাজত যুদ্ধ হৈছিল। ইয়াৰ বাহিৰেও ২০২২ চনৰ ডিচেম্বৰ মাহত দুয়োখন দেশৰ বাহিনীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত ২০ জন ভাৰতীয় আৰু চাৰিজন চীনা জোৱান নিহত হয়। পিছলৈ সামৰিক আৰু কূটনৈতিক পৰ্যায়ত কেইবাবাৰো আলোচনাৰ অন্তত পৰিস্থিতি শীতল হৈ পৰিল। দুয়োপক্ষই সীমান্ত অঞ্চলটোক অধিক সুৰক্ষিত কৰাৰ বাবে উদ্যোগ লৈছে।

Leave A Reply

Your email address will not be published.