Daily Time Axom

গেলেকী W.I.P ৰ গেটৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱৰোধ কাৰ্যসূচী

0 31

নাজিৰাৰ অ’এনজিচি (অসম সম্পদ) ৰ অধীনৰ গেলেকী W.I.P ৰ গেটৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱৰোধ কাৰ্যসূচী | অসম চাহ জনজাতি ছাত্ৰ সন্থা, আটছা গেলেকী উপ-শাখাৰ উদ্যোগত অ’এনজিচি গেলেকী তৈলক্ষেত্ৰৰ অন্তৰ্গত DEEP Industry pvt. Ltd. য়ে চাহ জনগোষ্ঠীয় শিক্ষিত নিবনুৱা যুৱক সকলক প্ৰতাৰণা কৰা অভিযোগ সংগঠনটোৰ | যাৰ পৰিপেক্ষিতত আটছাই W.I.P ৰ গেটৰ সন্মুখত আজি পুৱাৰে পৰা DEEP Industry pvt. Ltd. ৰ বিৰুদ্ধে অনিৰ্দিষ্ট কালীন অৱৰোধ কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰি তোলে | লগতে চাহ জনগোষ্ঠীয় শিক্ষিত নিবনুৱা যুৱক সকলক সংস্থাপনৰ দাবী জনাই সংগঠনটোৱে | পৰৱৰ্তী ক্ষণত নাজিৰা মহকুমা কাৰ্যবাহী দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হৈ DEEP Industry pvt. Ltd. ৰ বিষয়ববীয়ায়ে তথা স্থানীয় অন্যান্য দল সংগঠনৰ কৰ্মী সকল আৰু আটছাৰ সৈতে আলোচনাত মিলিত হয় | দণ্ডাধীশে লোক সভা নিৰ্বাচনৰ নীতি নিৰ্দেশনা আৰু জিলা খনত ১৪৪ ধাৰা জাৰি থকাৰ কথা অৱগত কাৰৰ ফলত চাহ জনগোষ্ঠীয় সংগঠটোৰ এই প্ৰতিবাদ অথবা আলোচনাৰ বিশেষ গুৰুত্ব নাপায় | যদিও সংগঠনটোৱে বৰ্তমান কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখে | চাহ জনগোষ্ঠীয় শিক্ষিত নিবনুৱা যুৱক সকলক প্ৰতাৰণা কৰাৰ অভিযোগত আটছাই নাজিৰা মহকুমা মহকুমাধীপতি ডাঙৰিয়ানীক লগ ধৰাৰ পাছত যদিহে যোগ্যতা অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ নাপাই তেন্তে সংগঠনটোৱে সংবাদ-মাধ্যমৰ জড়িয়তে ৰাইজৰ বৃহৎ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে |

Leave A Reply

Your email address will not be published.