Daily Time Axom

চাপৰৰ বহলপুৰ তটপাৰাত এটা পথক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

0 46

সমাগত নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাগ মূহুৰ্তত চাপৰ বহলপুৰৰ এখন গাঁৱৰ ৰাইজে NO ROAD NO VOTE শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধুবুৰী জিলাৰ চাপৰ-শালকোচা উন্নয়নৰ খণ্ডৰ অন্তৰ্গত তথা বহলপুৰ গাঁও পঞ্চায়ত অধীনস্থ তটপাৰা গাঁওৰ ৰাইজক এটা ৰাস্তাই জ্বলা কলা খুৱাই আছে। বাৰিষাকালত উক্ত ৰাস্তাটোৰে যাতায়তৰ ক্ষেত্ৰত ৰাইজে বহু অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যিকোনো জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ। বাৰম্বাৰ জনপ্ৰতিনিধি তথা স্থানীয় পঞ্চায়তখনৰ সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্যাক এই বিষয়ে অৱগত কৰাৰ পিছত আজিলৈকে কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। অৱশেষত উপায়ন্তৰ হৈ উন্নয়নৰ মুখ নেদেখা ৰাইজে ওলাই আহি চৰকাৰে ৰাস্তাটো নিৰ্মাণ কৰি নিদিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.