ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত ১৩ জন মাওবাদী নিহত

ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত নিহত হয় ১৩জন মাওবাদী আৰক্ষীয়ে এই কথা সদৰী কৰিছে।

অঞ্চলটোত বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ৫০ বছৰীয়া এক ৰক্তাক্ত সংঘাতৰ ইতিহাস আছে।

আৰক্ষীৰ মতে, মঙলবাৰে ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাৰ এখন দুৰ্গম অৰণ্যত বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয়।

স্থানীয় আৰক্ষী অধীক্ষক পি. সুন্দৰৰাজে জনোৱা মতে, বিদ্ৰোহীসকলৰ পৰা ৰাইফল, মেচিনগান, গ্ৰেনেড লঞ্চাৰ আৰু গোলাবাৰুদ জব্দ কৰা হৈছে।

প্ৰায় ১৪ ঘণ্টা ধৰি যুদ্ধ হোৱা বুলিও তেওঁ কয়।
সুন্দৰৰাজে লগতে কয়, ‘বিদ্ৰোহীৰ মৃতদেহ চিনাক্ত হোৱা নাই। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা বিদ্ৰোহী।

ভাৰতত চলিত বৰ্ষত ৫০ জনতকৈ অধিক মাওবাদী বিদ্ৰোহী নিহত হৈছে – ইয়াৰে ৪৬ জন ছত্তীশগড়ত আৰু আন চাৰিজন মহাৰাষ্ট্ৰ ৰাজ্যত।

নক্সাল নামেৰে পৰিচিত বিদ্ৰোহীয়ে ১৯৬৭ চনৰ পৰাই গেৰিলা আক্ৰমণ চলাই আহিছে বুলিও তেওঁ উল্লেখ কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment