নেমুটো চেপি লোৱাৰ পিছত প্ৰায়ে আৱৰ্জনাত পেলাই দিয়া হয় বাকলিটো। নেমুৰ বাকলি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ দ্বাৰা পাকঘৰ চাফা কৰিব পাৰি। নেমুৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি। চাওক…
– কেটলিটো ভালদৰে চাফা কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কেটলিটোত নেমুৰ বাকলি ভৰাই তাত গৰম পানী দিব। অলপ সময় ৰখাৰ পিছত পৰিষ্কাৰ কৰক।
– কেতিয়াবা ষ্টেইনলেছ ষ্টীলৰ পাত্ৰ লেতেৰা হৈ পৰে। এনে অৱস্থাত নেমুৰ খোলাৰে ভালদৰে ঘঁহি চাফা কৰিব পাৰি। লেতেৰা পাত্ৰটো নেমুৰ খোলাৰে ঘঁহি অলপ পিছত পৰিষ্কাৰ কৰি লওক। পাত্ৰবোৰ জিলিকিবলৈ আৰম্ভ কৰিব।
– ফ্ৰীজৰ পৰা কেতিয়াবা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ফ্ৰীজৰ সুগন্ধিমুক্ত কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে তিনি-চাৰিটা নেমুৰ বাকলি ফ্ৰীজত ৰাখিব। ফলত ফ্ৰীজৰ পৰা গোন্ধ নাহে।
– নেমুৰ বাকলি ব্যৱহাৰ কৰি পাকঘৰৰ টাইলছ আৰু মজিয়া পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে নেমুৰ বাকলি ঘঁহি মজিয়া পৰিষ্কাৰ কৰক। ইচ্ছা কৰিলে নেমুৰ বাকলিৰ পেষ্ট বনাই ব্যৱহাৰ কৰিব পাৰে।
– মাইক্ৰৱেভ পৰিষ্কাৰ কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এটা বাটি গৰম পানীত নেমুৰ বাকলি এটা দি অলপ সময় মাইক্ৰৱেভত ভৰাই লওক। ইয়াৰ পৰা ওলোৱা ভাপে মাইক্ৰৱেভত জমা হোৱা মলি পৰিষ্কাৰ কৰিব। মাইক্ৰৱেভ বন্ধ হোৱাৰ পিছত ভিজা কাপোৰেৰে পৰিষ্কাৰ কৰক।
– পাকঘৰৰ মছলা আৰু বাচন-বৰ্তন ধূলিৰে লেতেৰা হৈ পৰে। চাফাইৰ বাবে নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে ইহঁতৰ ওপৰত নেমুৰ বাকলি ঘঁহিব লাগে।