ব্যস্ত জীৱনৰ অন্যতম সংগী হ’ল বিৰক্তি। এতিয়া মুকলিকৈ কথা পাতিবলৈ কাৰো সময় নাই কিন্তু তাৰ কোনো সমাধানো নাই। বৰঞ্চ দিনৰ পিছত দিন হতাশা আৰু উদ্বেগ আহি পৰিছে সকলোৰে জীৱনলৈ।
বহু সমস্যাই মানসিক, স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। চিকিৎসকৰ মতে, পাচনতন্ত্ৰৰ বিকাৰ, উচ্চ ৰক্তচাপ আনকি ওজন কমি যোৱাৰ আঁৰত থাকে মানসিক ৰোগ। পৰিসংখ্যা অনুসৰি বিশ্বৰ প্ৰায় ২৭ কোটি লোক মানসিক উদ্বেগজনক সমস্যাত ভুগি আছে। গতিকে হতাশাৰ পৰা আঁতৰি থকাটো অতি জৰুৰী। কিন্তু কেনেকৈ সম্ভৱ?
১) অনিদ্ৰা আৰু হতাশাৰ মাজত চক্ৰীয় সম্পৰ্ক আছে। এটা সমস্যাই আন এটা সমস্যালৈ লৈ যায়। ফলত যিমানেই কাম নাথাকক কিয়, সেই কামৰ ছাপটোৱে আপোনাৰ টোপনিত কোনো ধৰণৰ প্ৰভাৱ পেলাব নালাগে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে ছয়ৰ পৰা আঠ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়।
২) কেইবাটাও গৱেষণাৰ পৰা কোৱা হৈছে যে নিয়মীয়া শাৰীৰিক ব্যায়ামে কেৱল শৰীৰকে ভালে ৰখাই নহয়, মনটোকো ৰাখে।
৩) গোটেই দিনটোত এনে এটা সময় বিচাৰি উলিয়াওক যিটো সময় অকলশৰে থাকিব পাৰে। সেই সময়ত যি কৰিবলৈ ভাল লাগে তাকেই কৰক। বিভিন্ন ধৰণৰ সৃষ্টিশীল কামত গুৰুত্ব দিব পাৰে। সংগীত শুনা, গান গোৱা, আবৃত্তি কৰা বা কিছু সময় খোজ কঢ়া, কিতাপ পঢ়া আদি নিজৰ পছন্দৰ কামবোৰ কৰক। খৰখেদা কৰাৰ প্ৰয়োজন নাই। যিহেতুকে সেই সময় অকল আপোনাৰ।