চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধুনীয়া পথাৰ গাঁৱৰ সমুদ্ৰ গগৈৰ পত্নী বৰষা গগৈ যোৱা ০১ এপ্ৰিল তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে | জানিব পৰা মতে ০১ এপ্ৰিল তাৰিখে নিজ গৃহৰ পৰা বজাৰ কৰিবলৈ যাওঁ বুলি ওলাই গৈছিল বৰষা | কিন্তু ঘৰলৈ ঘূৰি নহাত ঘৰৰ মানুহে বিচাৰ নাপায় উপায়ন্তৰ হৈ সাপেখাতী আৰক্ষী থানাত অভিযুগ দাখিল কৰে | লগতে মহিলাগৰাকীয়ে দুবছৰীয়া এটি পুত্ৰ সন্তানক এৰি থৈ যায় |