নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ বাবে আতিশিকে জাননী নিৰ্বাচন আয়োগৰ

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা দিল্লীৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী আপ নেতা আতিশীয়ে একাধিক বিষয়ত বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিছুদিন পূৰ্বে তেওঁ অভিযোগ কৰিছিল যে বিজেপিয়ে তেওঁক গেৰুৱা শিবিৰত যোগদান কৰাৰ ভাবুকি দিছিল নহ’লে গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব লাগিব। ইফালে, নিৰ্বাচন আয়োগে নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ বাবে আতিশীলৈ জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। শনিবাৰৰ ভিতৰত উত্তৰ সোধা হয়। সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁ উত্তৰ দিব লাগিব। মঙলবাৰে আপ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ ঘনিষ্ঠ কোনোবাই গেৰুৱা শিবিৰত যোগদান কৰিবলৈ কৈছিল, যাৰ ফলত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ৰক্ষা হ’ব, নহ’লে এমাহৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব। এই মন্তব্যৰ বাবে মানহানিৰ জাননী আৰু বিজেপিৰ পৰা ক্ষমা বিচাৰিছিল। আতিশীৰ মন্তব্যৰ পিছতে গেৰুৱা শিবিৰে নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰে। এইবাৰ আয়োগে অতিশীক উত্তৰ বিচাৰিলে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment