Daily Time Axom

বজালী জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত বৰনগৰ মহাবিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা

0 41

ঐতিহাসিক বৰনগৰৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ত বজালী জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু পোষ্টাৰ মেকিং(Poster)মেকিং প্ৰতিযোগিতা আজি অনুষ্ঠিত হয়, এই প্ৰতিযোগিতাৰ সময়ছোৱাতত Sweepৰ সদস্য হেমাংগ তালুকদাৰ আৰু সদস্যা স্মৃতা পৰাশৰ উপস্থিত থাকে ৷ পোষ্টতাৰ মেকিং প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ চতুৰ্থ ছেমিষ্টাৰ(ৰাজনীতি বিজ্ঞান)ৰ ছাত্ৰী সংগীতা ঠাকুৰীয়া প্ৰথম স্থান,ষষ্ঠ ছেমিষ্টাৰ(অসমীয়া)ৰ ছাত্ৰী লিজা কলিতা দ্বিতীয় স্থান আৰু চতুৰ্থ ছেমিষ্টাৰৰ কৰবি দাসে তৃতীয় স্থান লাভ কৰে, আনফালে চিত্ৰাংকন প্ৰতিযোগিতাত ষষ্ঠ ছেমিষ্টাৰ(অসমীয়া)ৰ ছাত্ৰী লিজা কলিতাই প্ৰথম স্থান,চতুৰ্থ ছেমিষ্টাৰ(ৰাজনীতি বিজ্ঞান)ৰ ছাত্ৰী সংগীতা ঠাকুৰীয়াই দ্বিতীয় আৰু ষষ্ঠ ছেমিষ্টাৰ(বুৰঞ্জী)ৰ ছাত্ৰ যশপাল ৰায়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়,প্ৰতিগৰাকী স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়, এই প্ৰতিযোগিতাৰ মূলতে উদ্দেশ্য হ’ল-নতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধি কৰা ৷

Leave A Reply

Your email address will not be published.