চিৰাংজিলাৰ বিজনী আনন্দ বজাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত বিধায়ক অজয় কুমাৰ ৰায়ৰ নেতৃত্বত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস । উক্ত যোগদান কাৰ্যসূচীত বেঙ্গলী ফেডাৰেচনৰ আৰু বিপিএফৰ দলৰ পৰা প্ৰায় পাচঁ শতাধিক পুৰুষ মহিলা আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদানৰ কৰে । উক্ত যোগদান কাৰ্যসূচীত
বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় , বিজপি চিৰাং জিলাৰ সভাপতি ৰতন চন্দ্ৰ ৰায় বিটিআৰ পাৰিষদ সমষ্টিৰ সদস্য প্ৰভাত বসুমতাৰী , প্ৰদীপ কুমাৰ বায়ন, বিটিআৰ ইএম গৌতম দাসৰ লগতে কেবাগৰাকীও নেতা-কৰ্মীৰ উপস্থিত থাকে ।