সহস্ৰাধিক সমৰ্থকক লৈ টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত মন্ত্ৰী অতুল-কেশৱ উপস্থিত

অসম গণ পৰিষদৰ ১০২ নং পুৰণা টীয়ক বিধানসভা সমষ্টিৰ উদ্যোগত আজি চিপাহীখোলাস্থিত ৰূপজ্যোতি সংঘৰ ৰংগমঞ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়।উক্ত সভাত অসম চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত,দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীকে প্ৰমুখ্য কৰি অগপৰ কেইবাগৰাকীও কেন্দ্ৰীয় তথা জিলা পৰ্য্যায়ৰ বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়াই আৰু সকলোকে বিপুল ভোটত প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবলৈ আহ্বান জনায়।অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত এই সভাত প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকি দেশৰ উন্নয়ন তথা প্ৰগতিৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ সংকল্প লয়।ইপিনে বিশেষকৈ যোৰহাটৰ দৰে ঐতিহাসিক তথা সন্মানীয় সংসদীয় সমষ্টিত লাচিত মৈডাম সাংস্কৃতিক প্ৰকল্প,কেইবাখনো উৰণীয়া সেতু,চৰাইদেউ মৈডাম সংৰক্ষণকে ধৰি কেইবাটাও উল্লেখযোগ্য কাম কৰি ইতিমধ্যে সমষ্টিটোৰ মান সৰ্বভাৰতীয় পৰ্যায়ত জিলিকাই তুলিছে বৰ্তমান প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে।সেয়ে এই প্ৰগতি অক্ষুণ্ণ ৰখাৰ বাবে পুনৰ মিত্ৰতাৰ ধৰ্ম সততাৰে পালন কৰি ভোটাধিকাৰ সাৱস্ত কৰিবলৈ সকলোকে আহ্বান জনাই অগপ নেতৃত্বই।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment