এটা কণী আৰু ৰুটি খোৱা নোৰা ফাতেহীৰ বলীউডৰ সংগ্ৰামৰ স্মৃতি

জন্মসূত্ৰে তেওঁ কানাডাৰ নাগৰিক। কিন্তু নৃত্য শৈলীৰ ক্ষেত্ৰত ভাৰতত তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী হৈছে। তেওঁৰ নৃত্য ভিডিঅ’ তেওঁৰ অনুৰাগীৰ অন্যতম আকৰ্ষণ। ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা প্ৰায় ৭ কোটি! শেহতীয়াকৈ বলীউডত ১০ বছৰীয়া কেৰিয়াৰ সম্পূৰ্ণ কৰিলে নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহীয়ে।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত নোৰাই নিজৰ কেৰিয়াৰৰ প্ৰথম দিনবোৰৰ কথা কয়। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ মাত্ৰ ৫ হাজাৰ টকা লৈ এই দেশলৈ আহিছিল। আগতে তেওঁ মুম্বাইত ৯ গৰাকী মহিলাৰ সৈতে এটা ফ্লেট শ্বেয়াৰ কৰিছিল। নৃত্যশিল্পীগৰাকীয়ে এই অভিজ্ঞতা বৰ সুখকৰ নাছিল বুলিও প্ৰকাশ কৰে। নোৰাই কয়, “তেতিয়া মই ১ হাজাৰ ডলাৰ (আমেৰিকা)ৰ মূল্য বুজি পোৱা নাছিলো। ৯ গৰাকী ‘পাগল’ ছোৱালীৰ সৈতে তিনিটা কোঠাৰ ফ্লেটত থাকি নিজকে ক’ৰ পৰা ক’লৈ আহিলো বুলি ভাবিছিলো।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment