তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত ৷ নিৰ্বাচনী প্ৰচাৰৰ ধামখুমীয়াৰ মাজতে বিধায়ক গৰাকীক দেখা গল শিক্ষকৰ ৰূপত । নিৰ্বাচনী প্ৰচাৰৰ মাজত তামুলপুৰ সমষ্টি ভূটান সীমান্তৰ পলাশবাৰী প্ৰাথমিক বিদ্যালয় আৰু লক্ষ্মীনাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰী সৈতে মত বিনিময় কৰি অসমীয়া আৰু গণিত বিষয়ত পাঠদান কৰিলে বিধায়ক গৰাকীয়ে । উল্লেখযোগ্য যে বিধায়ক হোৱাৰ পূৰ্বে জলেন দৈমাৰী আছিল গৰাকী শিক্ষক।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment