Daily Time Axom

অংগনবাড়ী কৰ্মী সহায়িকাক উচিত মৰ্যদা দিব কংগ্ৰেছে

0 48

নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আঁচনি দিলে সুফল নাপাব বিজেপিয়ে।
ৰাইজৰ মৰমত ক্ষীণ হৈ গৈছো-টীয়কত নিৰ্বাচনী সভাত গৌৰৱ গগৈ।

১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ এখনি নিৰ্বাচনী সভা আজি টীয়কৰ কাকজান দ-গাঁও,উত্তৰদুলীয়া-গাঁওকে ধৰি কেইবাটাও স্থানত অনুষ্ঠিত হয়।উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লবী গগৈ,ব্লক সভাপতি সম্পাদক,যুৱ কংগ্ৰেছৰ সভাপতি সম্পাদক,মহিলা কংগ্ৰেছৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক কৰ্মী সমৰ্থক উপস্থিত থাকি কংগ্ৰেছ জিন্দাবাদ,গৌৰৱ গগৈ জিন্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।উল্লেখযোগ্য যে উক্ত কেওখন জনসভাত সাংসদৰ প্ৰাৰ্থী গৌৰৱ গগৈ উপস্থিত হৈ ৰাইজৰ সৈতে বিহু মাৰি আনন্দ উল্লাস কৰাৰ সমান্তৰালকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমে অংগনবাড়ী কৰ্মী সহায়িকাক প্ৰাপ্য মজুৰি বৃদ্ধি কৰা হব বুলি মন্তব্য কৰে।ইপিনে ৰাইজৰ মৰম আৰু আশীৰ্বাদ গ্ৰহণ কৰি কৰি তেওঁৰ স্বাস্থ্যৰ পৰিবৰ্তন হৈছে বুলি মত প্ৰকাশ কৰি ৰাইজক কেৱল আঁচনি প্ৰদানেৰে এতিয়া আৰু বিজেপিয়ে আকৰ্ষিত কৰিব নোৱাৰে বুলি সদৰি কৰি অত্যাধিক নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে।ইপিনে বিভিন্ন আঁচনি প্ৰদানৰ প্ৰলোভনত ৰাইজৰ পৰা বিজেপিয়ে আধাৰ কাৰ্ড সংগ্ৰহ কৰাটো উচিত নহয় বুলি সদৰি কৰি এই আধাৰ কাৰ্ড লোৱা ঘটনাই অনাকাংক্ষিতভাৱে ৰাইজক হানি কৰাৰো শংকা আছে বুলি কৈ নিৰ্মীয়মান যোৰহাট শিৱসাগৰ চাৰিলেনযুক্ত পথৰ কাম অনতি পলমে সম্পূৰ্ণ কৰিবলৈ,যোৰহাট লোকসভা সমষ্টিত চিকিৎসা সেৱা উন্নত কৰিবলৈ তেওঁৰ কলিয়াবৰৰ সাংসদ হৈয়ো দিল্লীত অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এতিয়া যোৰহাটৰ সাংসদ হ’লে নিশ্চিতভাৱে ৰাইজৰ সকলো সমস্যা সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.