Daily Time Axom

অহা দুটা দশকত প্ৰষ্টেট কেন্সাৰ ৰোগীৰ সংখ্যা দুগুণ হ’ব

0 55

অহা দুটা দশকত বিশ্বজুৰি নতুন প্ৰষ্টেট কেন্সাৰৰ সংখ্যা দুগুণতকৈও অধিক হ’ব। জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত কৰা এক অধ্যয়নৰ ভিত্তিত জানিব পৰা মতে, ‘২০২০ চনত নতুন প্ৰষ্টেট কেন্সাৰ ৰোগীৰ সংখ্যা ১৪ লাখৰ পৰা ২০৪০ চনৰ ভিতৰত ২৯ লাখলৈ বৃদ্ধি পাব।’ এই অধ্যয়নৰ আঁৰৰ গৱেষকসকলে কয় যে ৰোগীৰ সংখ্যা বৃদ্ধিৰ সম্পৰ্ক আছে সমগ্ৰ বিশ্বতে আয়ুস বৃদ্ধি আৰু বয়সৰ পিৰামিডৰ পৰিৱৰ্তনকলৈ। পুৰুষৰ প্ৰষ্টেট কেন্সাৰ আটাইতকৈ বেছি হ’ব বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। এতিয়া প্ৰায় ১৫ শতাংশ লোক আক্ৰান্ত হৈছে। এই কেন্সাৰ ৫০ বছৰ বয়সৰ পিছত শৰীৰত দেখা দিয়ে। উন্নয়নশীল দেশসমূহত আয়ুস বৃদ্ধিৰ লগে লগে প্ৰষ্টেট কেন্সাৰৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে।
গৱেষকসকলে লগতে কয় যে এই ৰোগ পলমকৈ ধৰা পৰে। সেয়েহে স্ক্ৰীনিঙৰ ওপৰত গুৰুত্ব দিয়াৰ কথা গৱেষকসকলে কয়।

Leave A Reply

Your email address will not be published.