এটাকৈ নৱজাতক পাঁচ লাখ টকাত বিক্ৰী কৰি আছিল? দিল্লীত শিশু সৰবৰাহৰ চক্ৰটোক ধৰাৰ সময়ত চিবিআইৰ হাতলৈ আহিছে এনে চাঞ্চল্যকৰ তথ্য। কেৱল সেয়াই নহয়, চিবিআইৰ এক সূত্ৰই দাবী কৰিছে যে এমাহতে ১০টা নৱজাতক বিক্ৰী কৰা হৈছে। এই সৰবৰাহৰ চক্ৰটো ধৰিবলৈ কেন্দ্ৰীয় তদন্ত সংস্থাই শুকুৰবাৰে সন্ধিয়াৰ পৰা দিল্লীৰ কেশৱপুৰম আৰু দিল্লী-এনচিআৰত অভিযান আৰম্ভ কৰিছে।
প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইয়ে গম পাই যে কেৱল দিল্লীতে নহয়, এই গেঙৰ নেটৱৰ্ক আন ৰাজ্যতো বিয়পি পৰিছে। সেই সূত্ৰৰ ভিত্তিত চিবিআইয়ে দিল্লীৰ আশে-পাশে থকা অঞ্চলত আনকি কেইবাখনো ৰাজ্যতো তালাচী অভিযান আৰম্ভ কৰিছে। কেইবাদিনো ধৰি তদন্তকাৰী সংস্থাটোৱে শিশু সৰবৰাহৰ সন্দৰ্ভত তথ্য লাভ কৰি আহিছিল। সেই ভিত্তিতে এফআইআৰও দাখিল কৰা হৈছে। ইয়াৰ পিছতে চিবিআইয়ে অনুসন্ধান অভিযান আৰম্ভ কৰে। শুকুৰবাৰে সন্ধিয়া চিবিআইয়ে দিল্লীৰ দ্বাৰকা, উত্তৰ পশ্চিম দিল্লী, ৰোহিনী আৰু এনচিআৰৰ বিভিন্ন স্থানত অভিযান চলায়।
চিবিআইৰ সূত্ৰ অনুসৰি নৱজাতকক সামগ্ৰীৰ দৰে ক’লা বজাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰি, শিশুকেইটাৰ ক্ৰেতা কোন সেইটো জানিবলৈ চেষ্টা চলোৱা হৈছে। চিবিআইৰ সূত্ৰ অনুসৰি এই গেংটোৰ অৱস্থান দিল্লীৰ লগতে ইয়াৰ বাহিৰতো উদ্ধাৰ হৈছে। কেইবাখনো বৃহৎ চিকিৎসালয়ো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদাৰকত আছে।
চিবিআইৰ সূত্ৰ অনুসৰি মুঠ ৮টা শিশুক উদ্ধাৰ কৰা হৈছে। তাৰ ভিতৰত দুটা নৱজাতক আছে। কেশৱপুৰম অঞ্চলৰ পৰা উদ্ধাৰ এই নৱজাতক দুটা। তদন্তকাৰীৰ মতে শিশুকেইটাক সৰবৰাহৰ বাবে ৰখা হৈছিল।