Daily Time Axom

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অগ্নিদগ্ধ ভাৰতীয় মাছমৰীয়াক উদ্ধাৰ

0 20

শুকুৰবাৰে মাজনিশা বিশাখাপট্টনমৰ পৰা ৬৫ নটিকেল মাইল দূৰৈত ভাৰতীয় মাছমৰীয়াৰ এখন নাওত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ ‘বীৰা’ বিশাখাপট্টনমলৈ ৰাওনা হয়। সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ কাম আৰম্ভ হ’ল। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেইঘণ্টামানৰ ভিতৰতে জুই নিয়ন্ত্ৰণলৈ আনে। জ্বলন্ত অৱস্থাৰ পৰা উদ্ধাৰ ৯ ভাৰতীয় মাছমৰীয়াক। প্ৰাথমিক চিকিৎসাৰ অন্তত বিশাখাপট্টনমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মাছমৰীয়াকেইজনক। বৰ্তমান ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৯ জন মাছমৰীয়াৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.