Daily Time Axom

মুকালমুৱাৰ সাপকাটাত বাছ দূৰ্ঘটনাত এজন নিহত, চাৰিজন আহত

0 42

মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ পৰা গুৱাহাটী অভিমূখী তিব্ৰবেগী আল্ট্ৰা বাছ এখনে স্কুলীয়া ছাত্ৰকে ধৰি পাচগৰাকীকৈ পথচাৰীক মহতিয়াই নিয়ে। আটাইকেইগৰাকীকে মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও এজন পথচাৰী নিহত হয়। নিহত লোকজন কান্ধবাৰীৰ চিদ্দিক আলী। আহত কেইজনৰ নাম ক্ৰমে ইবাদুল ইছলাম(১৩), ইমৰাণ আলী(১৩), আব্দুল চালাম(১৫) আৰু জিন্টু মেধী। ইয়াৰে ইবাদুল ইছলামৰ আঘাত গুৰুতৰ হোৱাত তেওঁক চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে। দূৰ্ঘটনাটো সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ AS-13AC-1766. আহত সকলৰ মাজৰ তিনিগৰাকী কান্ধবাৰী হাইস্কুলৰ ছাত্ৰ। উল্লেখযোগ্য যে বৰপেটাৰ পৰা হাজো হৈ গুৱাহাটীলৈ যোৱা পথচোৱা যথেষ্ট থেক আৰু এই পথচোৱাত অত্যাধিক বাহন চলাচল কৰে। থেক পথচোৱাত তীব্ৰ বেগত চলাচল কৰা বাহন সমূহৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে স্থানীয়লোকে। তীব্ৰবেগী বাহনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসন তথা পৰিবহন বিভাগক আহ্বান জনাই অঞ্চলটোৰ ৰাইজে।

Leave A Reply

Your email address will not be published.