নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে বিজেপিৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। দেওবাৰে গোৰেশ্বৰ সমষ্টিৰ গুৱাবাৰী আৰু নাগ্ৰীজুলিত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ অভিযান ৰ সভা।৪ নং দৰং ওদালগুৰিৰ বিজেপিৰ, ইউপিপিএল আৰু অগপ মিত্ৰদলৰ প্ৰাৰ্থী দিলীপ শইকীয়া সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ ৰ উন্নয়নমখী আচনি সন্দৰ্ভত ৰাইজক অবগত কৰাৰ লগতে অৰুনোদই আচনিকে ধৰি আত্ম সহায়ক গোট সমূহক আৰ্থিক অনুদান আগবঢ়াই অহা বুলিও সভাত উল্লেখ কৰে।প্ৰচাৰ সভাত তামুলপুৰ বিধায়ক জলেন দৈমাৰী,বিজেপিৰ জিলা সভাপতি ভিক্টৰ কুমাৰ দাস ,বিটিআৰৰ ইএম ধৰ্ম নাৰায়ণ দাস প্ৰমুখ্যে কৰি বিশিষ্ট কাৰ্যকৰ্তাসকল উপস্থিত থাকে।