Daily Time Axom

মহাৰাষ্ট্ৰত বিজেপি বিৰোধী মিত্ৰতা চূড়ান্ত

0 41

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ঘণ্টাধ্বনি বাজি উঠিছে। কিন্তু মহাৰাষ্ট্ৰত আসনৰ ৰেফলিঙৰ সমস্যা শেষ হোৱা নাই। অৱশেষত গঠন হ’ল এটা জোঁট। মহাৰাষ্ট্ৰৰ মুঠ আসন ৪৮ খন। বিৰোধীয়ে তাত আসন বতৰা কৰি যুঁজ দিব। শিৱসেনাৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ দলে ২১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছে ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ১০খন আসনত শৰদ পাৱাৰৰ এনচিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মঙলবাৰে এখন যৌথ সংবাদমেল অনুষ্ঠিত হয়। তাতেই বিজেপিৰ বিৰুদ্ধে মিত্ৰতা হয়। মহাৰাষ্ট্ৰ দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য। উদ্ধৱ থাকৰেয়ে কয় যে ইয়াত মিত্ৰতাৰে বিজেপিক পৰাস্ত কৰিব লাগিব। আনহাতে, শৰদ পাৱাৰে কয় যে যিদৰে বিজেপিয়ে দেশত অৰাজকতা চলাই আছে, সকলোৱে একেলগে যুঁজি বিজেপিৰ বিৰুদ্ধে থিয় দিব লাগে।

Leave A Reply

Your email address will not be published.