নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সদৌ অসম গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ মধ্যম বৰক্ষেত্ৰী আঞ্চলিকৰ উদ্যোগত,অসম জাকাত ফাণ্ডৰ সহযোগত পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষ্যে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই কাৰ্যসূচীত অসম তথা দেশৰ ভিন্ন প্ৰান্তত থকা চায়েদ আলাম,চৈয়াদ ইফতিকাৰ আহমেদ ,চৈয়দ মুমিনুল আৱাল ,মহম্মাদ উবাইদ উল্লাহ ,ইঞ্জেলা বেগমৰ লগতে ভিন্নজনৰ মোটা অংকৰ ধন আৰু অসম যাকাত ফান্দৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
প্ৰতি বছৰৰ দৰে এইবেলিও ১৫০ টা দৰিদ্ৰ পৰিয়ালক এই সাহায্য বিতৰণ কৰে ।
নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰী,কুৰোবৰী,লোহাৰকাঠা,বালিকুছি,ঘোগা,লাউতোলা,বদনী আইখা,সাপকাটা, মাদানীপুৰ , মুকালমুৱা,নাৰায়ণপুৰ, জয়সাগৰ,বৰ্ণিবাৰী,লছিমা,সোনাপুৰ আদি গাঁওৰ মূঠ ১৫০ টা দৰিদ্ৰ তথা ৰোগী বিকলাংগ পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয়।
সাহায্য কাৰ্যসূচীত প্ৰতিটো পৰিয়ালক জহা চাউল,সাধাৰণ চাউল, মচুৰ দাইল আলু,পিয়াজ,মিঠাতেল, ৰিফাইন তেল ,চেনী,চেৱাই,গাখীৰ,গৰম মচলা,মিট মচলা,গা ধোৱা চাবোন,গাত ঘঁহা তেল আদিৰ এটি টোপোলা প্ৰদান কৰা হয়।
ইয়াৰোপৰি প্ৰতিটো পৰিয়ালক ঈদৰ দিনটোত মাংস কিনি খোৱাৰ বাবে দুশ টকাকৈ নগদ ধনও প্ৰদান কৰা হয়।
এই কাৰ্যসূচী পৰবৰ্তী সময়তো অব্যাহত থাকিব বুলি উদ্দোক্তা সকলৰ লগতে অসম গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ উপ-সভাপতি ৰাইনুৰ আহমেদে জানিবলৈ দিয়ে ।