সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গীত-নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাহৰীঘাট সমষ্টিবাসীক এখন science college স্থাপন, মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ,কলেজীয়া ছাত্ৰীলৈ আৰ্থিক বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিশেষকৈ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়াত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গীত-নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সংখ্যালঘু লোকক বিভিন্ন প্ৰতিশ্ৰুতিৰ প্ৰদান কৰাৰ জৰিয়তে সুৰেশ বৰাৰ হৈ ভোট বিচাৰে । ইপিনে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসঙ্গত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ,আৰু নগাঁও লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায়। মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকা অৱস্থাত বেৰিকেট ভাঙি নৃত্য কৰাৰ সময়তে পদপৃষ্ঠ হৈ এজন লোক আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment