ৰাছিয়াৰ উপ-ৰক্ষামন্ত্ৰীক আটক

আটক ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী টাইমুৰ ইভানভ। বিগত আঠ বছৰ ধৰি উপ-ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাছিয়াৰ সামৰিক আন্তঃগাঁথনি প্ৰকল্পৰ দায়িত্বত আছিল। অৱশেষত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।
ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৬ চনত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত নিযুক্তি পোৱা ৪৭ বছৰীয়া টাইমুৰ ইভানভ দেশখনৰ সামৰিক আন্তঃগাঁথনি প্ৰকল্পৰ দায়িত্বত আছিল। ৰাছিয়াত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগক দীৰ্ঘদিন ধৰি সমালোচনা কৰি আহিছে কৰ্মীসকলে।
২০২২ চনত দুৰ্নীতি বিৰোধী ফাউণ্ডেচনে (এচিএফ) ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰী টাইমুৰ ইভানভক “ইউক্ৰেইনৰ ৰাছিয়াই দখল কৰা ভূখণ্ডত নিৰ্মাণৰ সময়ত দুৰ্নীতিৰ আঁচনি”ত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল প্ৰয়াত ৰাছিয়াৰ বিৰোধী নেতা আলেক্সেই নাভালনীয়ে।
এচিএফে কয় যে ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিউপলত নিৰ্মাণ প্ৰকল্পৰ পৰা টাইমুৰ ইভানভ বিশেষভাৱে লাভৱান হৈছিল। ইউক্ৰেইন আক্ৰমণৰ সময়ত কেইবামাহো ধৰি ৰাছিয়াৰ বোমা বিস্ফোৰণৰ ফলত চহৰখনৰ বহু অংশ ধ্বংস হৈছিল।

প্ৰতিবেদন অনুসৰি ইভানভক ৰাছিয়াৰ ফৌজদাৰী আইনৰ ২৯০ নং অনুচ্ছেদৰ ৬ নং খণ্ডৰ অধীনত আটক কৰা হৈছিল। সন্দেহযুক্ত অভিযুক্তই লোৱা উৎকোচৰ পৰিমাণ ১০ লাখ ৰুবলতকৈ অধিক হ’লেহে এই দণ্ডবিধিৰ প্ৰযোজ্য।
এনে অপৰাধৰ বাবে গধুৰ জৰিমনা আৰু ১৫ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি।
ইয়াৰ পূৰ্বে টাইমুৰ ইভানভ মস্কো অঞ্চলৰ উপ-প্ৰধানমন্ত্ৰী আছিল। আৰু ইয়াতেই বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৱে কিছু সময়ৰ বাবে গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্বোইগুৰ ঘনিষ্ঠ সহযোগী আছিল বুলি কোৱা হয়।

খবৰ অনুসৰি ইভানভক আমেৰিকা আৰু ব্ৰিটেইনে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ইউৰোপীয় সংঘই তেওঁৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে তেওঁৰ সম্পত্তি নিষিদ্ধ কৰিছে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment