আজি পৰ্বতঝোৰাৰ ৰূপসীত UPPL, BJP, আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই।
সভাখনত উপস্থিত থাকে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম বৈয়াম জনজাতি নিগমৰ অধ্যক্ষ বনেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু মিত্ৰজোঁটৰ বিভিন্ন পৰ্য্যায়ৰ নেতৃবৰ্গ।
চন্দন ব্ৰহ্মই সাংবাদিকৰ সাক্ষাৎকাৰ কয় যে বিপিএফ দলৰ পৰা UPPL দলত আহি মুক্ত ভাবে কাম কৰাৰ সুযোগ লাভ কৰিছো।
এইবাৰ লোক সভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা জয়ন্ত বসুমতাৰীয়ে নিশ্চিত বাবে জয় লাভ কৰিব।
অসমৰ চৈধ্যখন আসনেই NDAৰ প্ৰাৰ্থী জয়ী হ’ব বুলি চন্দন ব্ৰহ্মই দাবী কৰে।