অভিনেত্ৰী তমন্না ভাটিয়া আৰু অভিনেতা সঞ্জয় দত্ত এতিয়া ডাঙৰ বিপদত পৰিছে। অবৈধ মোবাইল ষ্ট্ৰীমিং এপৰ সৈতে জড়িত এই দুগৰাকী বলীউডৰ অভিনেতাক আদালতে চমন কৰিছে। জানিব পৰা মতে, ২৯ এপ্ৰিলৰ ভিতৰত দুয়োজনে আদালতত জেৰাৰ বাবে হাজিৰ হ’ব।
শেহতীয়াকৈ ‘ফায়াৰ প্লে’ নামৰ এটা অবৈধ ষ্ট্ৰীমিং এপ মোবাইল ব্যৱহাৰকাৰীৰ মাজত অতি জনপ্ৰিয়। মাহিলী ৫০০ টকা দি আৰু কোনো টকা নিদিয়াকৈ বিভিন্ন জনপ্ৰিয় ধাৰাবাহিক আৰু চিনেমা এই এপটোৰ জৰিয়তে চাব পাৰিব। এই এপটোত অবৈধভাৱে IPL দেখুওৱা হৈছিল। আৰু ইয়াৰ প্ৰচাৰ কৰি থাকোঁতে সঞ্জয় আৰু তমান্না বিপদত পৰিছে।
সূত্ৰ অনুসৰি এই অভিযোগ ভায়াকম ১৮ নিজেই দাখিল কৰিছে। কোম্পানীটোৰ মতে, ফায়াৰ প্লে নামৰ এই এপটোৱে অবৈধভাৱে আই পি এল ষ্ট্ৰীমিং কৰি আছে। যিহেতু আই পি এলৰ সম্পত্তি ভিয়াকমে ক্ৰয় কৰে, সেয়েহে ইয়াৰ ফলত কোম্পানীটোৰ লোকচান হয়। সেইবাবেই ভায়াকমে এই অবৈধ এপটোৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
কিন্তু এই পৰ্যন্ত তমন্না ভাটিয়া আৰু সঞ্জয় দত্তৰ পৰা কোনো মন্তব্য পোৱা নাই।